বাংলাদেশী, এন আৰ চি আৰু কিছু প্ৰাসংগিক চিন্তা

অবিভক্ত ভাৰতৰ বৃহত্তৰ কামৰূপ তথা বংগৰ থলুৱা আৰু পৰৱৰ্তী সময়ত পূবৰ্বংগীয়মূলৰ বুলি চিহ্নিত অভিবাসী মুছলমানসকল হৈছে অসমীয়া জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ। চৰ-চাপৰিবাসী এই লোকসকলৰ সেই তাহানিতে নিজৰ কলা-সংস্কৃতি বিসৰ্জন দি অসমীয়া কলা-সংস্কৃতিৰে সংপৃক্ত হৈ পৰাৰ যি ধাৰা সেয়া আজিও অক্ষুণ্ন আছে। চৰ-চাপৰিৰ এই অভিবাসী মুছলমানৰ মাজত শিক্ষিতৰ হাৰ বৃদ্ধি পোৱাৰ লগে লগে এই ধাৰা আৰু অধিক সবল হৈ পৰিছে। কিন্তু এই লোকসকলৰ মাজত অসমীয়াত্ব গ্ৰহণ কৰাৰ মানসিকতা যিমানে বৃদ্ধি নাপাওক লাগিলে ইয়াৰ সমান্তৰালভাৱে অসমৰ এটা চামৰ সন্দেহ আৰু অপমান-অৱজ্ঞাৰ মাত্ৰা দিনক দিনে বৃদ্ধি পাইয়ে আছে। নিজকে জাতীয়তাবাদী বুলি দাবী কৰা একাংশ দল-সংগঠনৰ শেহতীয়া কিছুমান কাৰ্য-কলাপে অভিবাসী মুছলমান সমাজৰ সচেতন মহলক সঁচাকৈয়ে শংকিত কৰি তুলিছে। বিগত তিনিটা দশক ধৰি অসমৰ সমাজ জীৱনক ভাৰাক্ৰান্ত কৰি ৰখা এটা জলন্ত সমস্যা হৈছে বিদেশী সমস্যা। অসমত বিদেশী নাগৰিকৰ প্ৰসংগ উত্থাপন হ’লেই এই অভিবাসী মুছলমানৰ প্ৰতি আঙুলি টোওৱা হয়। শিক্ষা-দীক্ষাত পিছ পৰা শাসক পক্ষৰ বঞ্চনাৰ দলিলস্বৰূপ এই জনগোষ্ঠীটোৰ লোকে প্ৰতি দিনেই ক’ৰবাত নহয় ক’ৰবাত বাংলাদেশীৰ নামত আক্ৰান্ত হৈ আহিছে। ক’ৰবাত যদি তথাকথিত জাতীয়তাবাদী সংগঠনৰ দ্বাৰা আক্ৰান্ত হৈছে আন ক’ৰবাত হৈছে পুলিচ-প্ৰশাসনৰ দ্বাৰা। আনকি অতি সম্প্ৰতি ন্যায়িক ব্যৱস্থায়ো এই লোকসকলক ন্যায় প্ৰদানৰ পৰা বঞ্চিত কৰাৰ অভিযোগ উত্থাপন হৈছে। বান-খহনীয়াত সৰ্বস্বান্ত হৈ পেটৰ ভাতমুঠিৰ চিন্তাত কাম বিচাৰি অসমৰ বিভিন্ন চহৰত টলৌ টলৌকৈ ঘূৰি ফুৰা অভিবাসী মুছলমানসকলক উগ্ৰ জাতীয়তাবাদী একাংশ দল-সংগঠনে বাংলাদেশীৰ নামত মাৰ-ধৰ কৰি কৰ্ম সংস্থাপনৰ পৰা খেদি পঠিয়ায়। পিছদিনা কোনোবা বাতৰি কাকতৰ শিৰোনাম হয়- ‘বাংলাদেশীৰ আগ্ৰাসনত বিপৰ্যস্ত উজনি অসম! .................ত .....জন সন্দেহজনক বাংলাদেশী আটক’। অথচ বাংলাদেশীৰ নামত নিত্য ব্লেক মেইলিং হৈ থকা এই লোকসকল কিন্তু কোনোবা ‘শৰ্মা’, ‘ভট্টাচাৰ্য’, ‘বৰুৱা’, ‘হাজৰিকা’ৰ দৰেই প্ৰকৃত অসমীয়া, প্ৰকৃত ভাৰতীয়। বিভিন্ন সময়ত উজনি অসমৰ পৰা বাংলাদেশীৰ নামত হাৰাশাস্তি কৰি খেদি পঠিওৱা লোকসকলৰ বিষয়ে সংশ্লিষ্ট আৰক্ষী থানাসমূহত তথ্য বিচাৰিলেই ইয়াৰ প্ৰমাণ পোৱা যাব। তদপুৰি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভস্বৰূপ সংবাদ মাধ্যমৰ দ্বাৰাও এইসকল লোক আক্ৰান্ত হোৱাৰ উদাহৰণ নথকা নহয়। বিভিন্ন সময়ত, বিভিন্ন বাতৰি কাকত আৰু নিউজ চেনেলত বাংলাদেশী সন্দৰ্ভত কোনো বাতৰি পৰিৱেশন কৰিলেই মহানগৰীৰ বিভিন্ন এলেকা যেনে- হাতীগাঁও, বেলতলা, চেৰাবভাটি, ধীৰেণপাৰা, গড়চুক আদিত শ্ৰম বিক্ৰী কৰিবলৈ পুৱা সমৱেত হোৱা বংগীয়মূলৰ অভিবাসী মুছলমান শ্ৰমিকৰ ছবি বাংলাদেশীৰ ছবি হিচাপে পৰিৱেশন কৰা হয়। শেহতীয়াভাৱে আৰু এখোপ ওপৰলৈ গৈ যোৱা ২৪ আগষ্ট, ২০১০ত ৭ বজাৰ বাতৰিত ‘ডি ৱাই ৩৬৫’ নামৰ নিউজ চেনেলটোৱে অভিবাসী মুছলমান সংখ্যাধিক্য বৰপেটা, ধুবুৰী আৰু দৰং জিলাক পোনে পোনে বাংলাদেশী অধ্যুষিত জিলা বুলি অভিহিত কৰিলে। এয়া অভিবাসী মুছলমানৰ বাবে অতি অপমানজনক। এনে অপমান আৰু বদনামৰ পৰা মুক্ত হোৱাৰ বাবে দীৰ্ঘ দিনৰে পৰা অভিবাসী মুছলমান সমাজে ইয়াৰ এটা স্থায়ী সমাধানৰ দাবী কৰি আহিছে। এনে অৱস্থাত বৰপেটা আৰু ছয়গাঁও ৰাহজ চক্ৰ এলেকাত ‘পাইলট প্ৰজেক্ট’ ভিত্তিত এন আৰ চিৰ কাম আৰম্ভ হোৱাৰ লগে লগে দশক জোৰা অপমান আৰু বদনামৰ পৰা পৰিত্ৰাণ পোৱাৰ আশাত প্ৰতিজন অভিবাসী মুছলমানেই প্ৰক্ৰিয়াটোক আন্তৰিকভাৱে আদৰণি জনোৱাৰ লগতে যথেষ্ট আনন্দিত হৈছিল। কাৰণ এন আৰ চিয়েই হৈছে দশক দশক ধৰি বাংলাদেশীৰ নামত ভুগি থকা নিৰ্যাতন, অপমান, বদনামৰ পৰা এই জনগোষ্ঠীটোক মুক্তি দিব পৰা একমাত্ৰ উপায়। কিন্তু প্ৰক্ৰিয়াটোত দেখা দিয়া কিছুমান আসোঁৱাহ আৰু ভুলে পুনৰ জনগোষ্ঠীটোক শংকিত কৰি তুলিলে। তেওঁলোকে ভাবিবলৈ বাধ্য হ’ল- দৰাচলতে তেওঁলোক এটা ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হ’বলৈ আগবাঢ়িছে। এনে ষড়যন্ত্ৰৰ গোন্ধ পোৱাৰ লগে লগে সংখ্যালঘু দল-সংগঠনসমূহে এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াত দেখা দিয়া আসোঁৱাহ আৰু ভুলসমূহ সংশোধনৰ দাবীত অসমৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী, গৃহ সচিবকে ধৰি কেন্দ্ৰীয় চৰকাৰৰলৈ বাৰে বাৰে স্মাৰক-পত্ৰ প্ৰেৰণ কৰিলে যদিও ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ দাবীৰ প্ৰতি কোনো কান সাৰ দিয়া পৰিলক্ষিত নহ’ল। যাৰ পৰিণতিত সংঘটিত হ’ল ২১ জুলাইৰ ৰক্তাক্ত ঘটনা। কোৱা বাহুল্য যে ২১ জুলাই, ২০১০-ত আমছুৰ নেতৃত্বত এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াত দেখা দিয়া আসোঁৱাহ আৰু ভুলসমূহ সংশোধনৰ দাবীত এখন স্মাৰক-পত্ৰ প্ৰদান কৰিবলৈ এটা সমদল উলিওৱা হৈছিল। সিদিনা সমদলকাৰীৰ হাতৰ পৰা স্মাৰক-পত্ৰ গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনৰ কোনো এজন দায়িত্বশীল বিষয়া আগবাঢ়ি নহাত এটা সময়ত সমদলকাৰীসকল উত্তেজিত হৈ পৰে আৰু জিলা প্ৰশাসনৰ কাৰ্যালয় আক্ৰমণ কৰে। এনে পৰিস্থিতিত জিলা প্ৰশাসনে লোৱা ভূমিকা যথেষ্ট সন্দেহজনক। এন আৰ চি প্ৰস্তুত হ’লে একাংশ ৰাজনৈতিক দল আৰু তথাকথিত জাতীয়তাবাদী অৰাজনৈতিক (?) সংগঠনৰ সান্দহখোৱা বালি তল পৰাৰ ভয়ত প্ৰক্ৰিয়াটোত ব্যাঘাত জন্মোৱাৰ বাবে জিলা প্ৰশাসনৰ সহযোগত পূৰ্ব পৰিকল্পনা অনুসৰি সংঘটিত কৰাৰ কথাটোও নুই কৰিব নোৱাৰি। ন্যায্য দাবীৰ ভিত্তিত সমবেত হোৱা প্ৰায় কুৰি সহস্ৰাধিক সাধাৰণ জনতাক জিলা প্ৰশাসনে যথেষ্ট থল থকা স্বত্ত্বেও নিয়ন্ত্ৰণ কৰাৰ সলনি ববৰ্ৰোচিতভাৱে গুলিয়াই ৪জনকৈ নিৰীহ সমদলকাৰীক হত্যা কৰাৰ লগতে শতাধিক লোকক আহত কৰি এইটোকে প্ৰতিপন্ন কৰিলে। ঘটনাৰ আকস্মিকতাত একো উৱাদিহ নাপাই বৰপেটা চহৰৰ অলিয়ে-গলিয়ে, যেনিয়ে-তেনিয়ে সোমাই পৰা সমদলকাৰী নিৰীহ সংখ্যালঘু জনসাধাৰণক সুযোগ বুজি স্থানীয় লোকেও মাৰধৰ কৰি এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰিলে। পৰৱৰ্তী সময়ত ঘটনাৰ ব্যাখ্যা কেনেদৰে কৰা হ’ল সেয়া সবৰ্জনবিদিত। ঘটনাটোক ধৰ্মীয় মেৰুকৰণ কৰাৰ উদ্দেশ্যে সমদলকাৰীসকলৰ ওপৰত উপায়ুক্তৰ কাৰ্যালয় আক্ৰমণ কৰাৰ লগতে আন এটা গুৰুতৰ অভিযোগ অনা হ’ল- তেওঁলোকে হেনো সমদল কৰি অহাৰ সময়ত স্থানীয় লোকৰ দোকান-পোহাৰত আক্ৰমণ কৰি চহৰখনলৈ এক আতংক নমাই আনিছিল। এই অভিযোগ কিমানদূৰ বিশ্বাসযোগ্য সেয়া বুজাজনে নিশ্চয় বুজিছে। বৰপেটাৰ শোকাৱহ ঘটনাৰ পিছত বাংলাদেশীৰ ভুতে অহৰহ খেদি ফুৰা একাংশ তথাকথিত জাতীয়তাবাদী সংগঠনৰ নেতৃত্ব আৰু বুদ্ধিজীৱীয়ে ঘটনাটোক ‘খিলঞ্জীয়াৰ ওপৰত বাংলাদেশীৰ আক্ৰমণ’ বুলি অভিহিত কৰিলে। চাৰিজনকৈ নিৰীহ লোক নিহত হোৱা আৰু শতাধিক লোক আহত হোৱা শোকাৱহ ঘটনাৰ বাবে মানৱীয়তাৰ খাতিৰতো সমবেদনা জনোৱাৰ প্ৰয়োজনবোধ নকৰিলে অসমৰ অভিভাৱক বুলি গপতে গঙাটোপ হোৱা বিভাজনকামী শক্তিৰ দ্বাৰা প্ৰভাৱান্বিত সেই সংগঠনৰ নেতৃত্ব আৰু বুদ্ধিজীৱীসকলে। আন্দোলনৰ ন্যায্যতা অনুধাৱন নকৰি সেই বিভাজনকামী দল-সংগঠনে আমছুক বাংলাদেশীৰ দালাল, ৰক্ষক বুলি গালি পৰাতে ক্ষান্ত নাথাকি আমছুক ৰাষ্ট্ৰদ্ৰোহী বুলি ক’বলৈও কুণ্ঠাবোধ নকৰিলে। দৰাচলতে সততে অসমৰ অভিভাৱকৰ ভাও দিয়া সেই তথাকথিত জাতীয়তাবাদী দল-সংগঠন আৰু বুদ্ধিজীৱীসকলে অসমৰ বিদেশী সমস্যাৰ সমাধান হোৱা অথবা অভিবাসী মুছলমানে শংকামুক্ত হোৱাটো কোনোপধ্যেই কামনা নকৰে। অভিবাসী মুছলমান সমাজ শংকামুক্ত হ’লেই সেই সংগঠন আৰু বুদ্ধিজীৱীসকলৰ ৰাজনীতিৰ যে ইতি পৰিব সেয়া তেখেতসকলে ভালদৰেই জানে। নহ’লেনো কিয় ধৰ্মীয় সংখ্যালঘু সমাজৰ বিভিন্ন সংগঠন আৰু ব্যক্তিয়ে বাৰাম্বাৰ এখন শুদ্ধ এন আৰ চি প্ৰস্তুত হোৱাৰ সপক্ষে মত পোষণ কৰাৰ পিছতো অভিবাসী মুছলমানসকলে এন আৰ চি-ৰ বিৰোধিতা কৰা বুলি অভিযোগ উত্থাপন কৰি আছে? এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে পূবৰ্বংগীয়মূলৰ প্ৰায় ৬০ লাখ মানুহৰ নাগৰিকত্বক কেন্দ্ৰ কৰি যি সমস্যা উদ্ভৱ হৈছে সেই সমস্যাৰ সমাধান কল্পে ২০০৫ চনত অনুষ্ঠিত ত্ৰিপাক্ষিক বৈঠকৰ আগে পিছে কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰে অসমৰ সংখ্যালঘু, বিশেষকৈ মুছলমানসকলৰ লগত এবাৰো এই সন্দভৰ্ত আলোচনা কৰাটো প্ৰয়োজনবোধ নকৰিলে। এয়া দেখদেখকৈ অভিবাসী মুছলমানৰ প্ৰতি ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ চৰম বৈষম্য আছিল। এনে বৈষম্যমূলক ঘটনাবোৰ লক্ষ্য কৰিও একমাত্ৰ জাতীয় স্বাথৰ্ত ত্ৰিপাক্ষিক বৈঠকৰ সিদ্ধান্তৰ কোনো বিৰোধিতা কৰা নাছিল অভিবাসী মুছলমান সমাজে। বৰং জাতীয় স্বাৰ্থ আৰু দশকজোৰা অপমান বদনামৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায় হিচাপে এন আৰ চি প্ৰস্তুত হোৱাটো কামনা কৰিছিল আৰু বতৰ্মানো এখন সম্পূৰ্ণ আৰু শুদ্ধ নাগৰিক পঞ্জী প্ৰণয়ন হোৱাটো মনে প্ৰাণে বিচাৰে। এনেক্ষেত্ৰত যদি প্ৰকৃততেই সেই জাতীয়তাবাদী সংগঠন আৰু বুদ্ধিজীৱীসকলে এখন বিদেশীমুক্ত অসম বিচাৰে, তেন্তে কিয় আজিলৈকে অভিবাসী মুছলমানক আস্থাত ল’ব পৰা নাই? এয়া অসমক সঁচা অন্তৰেৰে ভালপোৱা প্ৰতিজন অসমবাসীৰ বাবে দুভাগৰ্জনকেই নহয়, এনে কাৰ্য ৰহস্যজনকো। বিদেশীয়ে দেশখন খালে বুলি সততে সৰৱ হৈ থকা অসমৰ এটা বৃহৎ অৰাজনৈতিক(?) সংগঠনৰ কিছুমান কাযৰ্সূচী উদাহৰণস্বৰূপে দাঙি ধৰিলেই সেয়া অধিক স্পষ্ট হৈ পৰিব। কেইবছৰমান আগতে অসমৰ সেই বৃহৎ অৰাজনৈতিক (?) সংগঠনৰ উদ্যোগত অসমৰ বিদেশী সমস্যা সন্দভৰ্ত বিভিন্ন জিলাত ৰাইজমেল অনুষ্ঠিত হৈছিল। উক্ত ৰাইজমেললৈ অভিবাসী মুছলমানক প্ৰতিনিধিত্ব কৰা দল-সংগঠনক আমন্ত্ৰণ কৰা হোৱা নাছিল। তদপুৰি একেটা সংগঠনৰ নেতৃত্বত অপলতে এন আৰ চি প্ৰসংগত অনুষ্ঠিত ২৪টাকৈ সংগঠনৰ এখন সভাতো অভিবাসী মুছলমানক প্ৰতিনিধিত্ব কৰা দল-সংগঠনক আমন্ত্ৰণ জনোৱা হোৱা নাছিল। এইখিনিতে প্ৰশ্ন উত্থাপন হয় যে যিসকল লোকৰ নাগৰিকত্বক লৈ ইমান হৈ চৈ, ইমান সন্দেহ তেওঁলোকৰ কথা, মতামতক কিয় শুনা নহয়, গুৰুত্ব দিয়া নহয়? কিয় একপক্ষীয়ভাৱে সিদ্ধান্ত লৈ তেওঁলোকৰ ওপৰত বদনাম জাপি দিয়া হয়, বাৰে বাৰে অপমান কৰা হয়? অভিবাসী মুছলমানৰ প্ৰতিজনেই বিদেশী নে? তেওঁলোকৰতো কিবা ক’বলগীয়া থাকিব পাৰে, যিয়ে বিদেশী সমস্যা সমাধানৰ বিষয়টো অধিক ত্বৰান্বিত কৰিব! তেন্তে কিয় তেওঁলোকক এঘৰীয়া কৰা হৈছে? তেওঁলোকে অসম চুক্তি অনুসৰি ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা প্ৰতিজন বিদেশী, তেওঁ যিকোনো ধমৰ্ৰে নহওক কিয় বহিষ্কৰণ সপক্ষে অৱস্থান গ্ৰহণ কৰি অহাৰ পিছতো অভিবাসী মুছলমানক আস্থাত লোৱা নহয়, বিদেশী সমস্যা সন্দভৰ্ত অনুষ্ঠিত কৰা কোনো সভা-সমিতিলৈ আমন্ত্ৰণ জনোৱা নহয়। আনকি অভিবাসী মুছলমানক প্ৰতিনিধিত্ব কৰা কোনো দল-সংগঠনে এই সন্দভৰ্ত অনুষ্ঠিত কৰা সভালৈ তেখেতসকলক আমন্ত্ৰণ কৰিলেও অংশগ্ৰহণ কৰাৰ পৰা বিৰত থকা হয়। তাৰ শেহতীয়া উদাহৰণ হৈছে অলপতে আমছুৰ নেতৃত্বত এন আৰ চি সন্দভৰ্ত অনুষ্ঠিত পৰামৰ্শমূলক সভালৈ আমন্ত্ৰিত হোৱাৰ পিছতো সেই বৃহৎ অৰাজনৈতিক (?) সংগঠনৰ এজনো প্ৰতিনিধি উপস্থিত নথকাটো। আনহাতে আমছু, জমিয়ত, এ আই ইউ ডি এফ-এ প্ৰকৃত ভাৰতীয়ক বাংলাদেশীৰ নামত কৰা হাৰাশাস্তিৰ বিৰোধিতা কৰিলেই বাংলাদেশীৰ ৰক্ষক, দালাল বুলি সততে গগণ ফলা সংগঠনটোৱে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা হিন্দু বাংলাদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত উত্থাপন কৰা বিজেপিৰ দাবী সন্দৰ্ভত নিৰৱতা অৱলম্বন কৰাৰ ৰহস্য কি? এনেবোৰ বিচ্ছিন্নতাবাদী কাম-কাজ আৰু মন্তব্যৰে বিভাজনকামী শক্তিৰ ওচৰত আঠু লোৱা এই দল-সংগঠন আৰু বুদ্ধিজীৱীসকলে অসমীয়া জাতীয় জীৱনটোক বিপথে পৰিচালিত কৰাই নহয় প্ৰকাৰান্তৰে অসমৰ উন্নয়নত প্ৰৱল বাধাৰ সৃষ্টি কৰিছে। নিজকে অসমীয়াৰ অভিভাৱক বুলি ভৱা এনে ধৰণৰ দল-সংগঠন আৰু ব্যক্তিবিশেষৰ পৰা অসমখনক ৰক্ষা কৰাৰ সময় সমাগত। এটা কথা স্পষ্ট যে তেওঁলোকে যিমানে উপলুঙা নকৰক লাগিলে অভিবাসী মুছলমানসকল অতীততো অসমীয়া আছিল, আজিও অসমীয়া আৰু ভৱিষ্যতলৈও অসমীয়া হৈয়ে থাকিব। শেষত এটা কথা স্পষ্ট কৰি দিও যে অভিবাসী মুছলমান সমাজে যিদৰে অসম চুক্তি অনুসৰি ১৯৭১ চনৰ ২৫ মাৰ্চৰ আগত অহা কোনো এজন লোকৰ হাৰাশাস্তি কামনা নকৰে ঠিক একেদৰে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা কোনো এজন বিদেশীয়ে ভাৰতত থকাটোও সহ্য নকৰে।
বিঃদ্ৰঃ- লেখাটো ২০১০ চনত লিখা। ইতিমধ্যে উক্ত বৰ্ষতে ‘আমাৰ অসম’, ‘জনসাধাৰণ’, ‘আজি’, ‘দৈনিক বাতৰি কাকত’ আদিত প্ৰকাশ পাইছে। আজিও লেখাটোৰ গুৰুত্ব আৰু প্ৰাংসগিকতা থকাৰ বাবে ইয়াক ব্লগ আকাৰে প্ৰকাশ কৰা হ’ল।


Pages