স্বাৰ্থপৰ



তুমি স্বাৰ্থপৰ হোৱাৰে পৰা
মোৰ স’তে মই
পৰিৱৰ্তন হ’ব বিচাৰো
প্ৰতিটো পল
আত্মিক হ’ব খুজিও
মুখ থেকেচা খাও
বাৰে বাৰে৷

আজি কালি
বুকুখন বৰকৈ বিষায়
তোমাৰ স্বাৰ্থপৰতাই
সিঁচি দিয়া বিষত,
কেতিয়াবা আকৌ
ছাই হোৱা
আপদীয়া সপোনবোৰৰ
অতৃপ্ত আত্মাই
কিৰিলিয়াই ফুৰে হৃদয়ৰ
দাহ্যাংশৰ অলিয়ে গলিয়ে৷

সেয়ে,
এতিয়া ময়ো
স্বাৰ্থপৰ,
দিব পাৰো
হৃদয়খনো বন্ধকীত৷

Pages