এজন মিয়াৰ আত্মকথা


অঙঠাবোৰক জুইলৈ
ৰূপান্তৰ নকৰিব
নীৰৱে!

চিৰকলীয়া বদনাম আৰু অপমান
অৱহেলা আৰু অনাদৰ
শোষণ আৰু বঞ্চনাৰ বুকুত
বন্দী সপোনবোৰ

মুক্তিৰ বাট বিচাৰি
ছটফটনি
প্ৰতিটো পল-অনুপল

ইতিকিঙৰ শেলে
চিৰাচিৰ কৰা বুকু
এতিয়া কাৰ্টিজৰ বাবেও পূৰঠ

লক্ষীপুৰৰ পৰা বৰপেটা
অথবা ৰঙিয়াৰ পৰা বেছিমাৰী
প্ৰয়োজনত বুকু পাতি লয়
ৰজাঘৰীয়া উপহাৰ– মৃত্যু

ন্যস্ত অধিকাৰ আৰু প্ৰাপ্য
নিশ্চিদ্ৰ পহৰাৰ আৱৰ্তত
অঙঠাবোৰক নকৰাব
আখৰা
জুই হোৱাৰ।

Pages