জুবিনৰ কান্ধত বন্দুক থৈ নাগৰিকত্ব (সংশোধনী) বিল– ২০১৬ বিৰোধী প্ৰতিবাদক মষিমূৰৰ চেষ্টা শাসকগোষ্ঠীৰ



নাগৰিকত্ব (সংশোধনী) বিল– ২০১৬১ বিৰোধিতাৰে শেহতীয়াভাৱে অসম প্ৰতিবাদমূখৰ হৈ পৰিছে। এই প্ৰতিবাদে শাসকীয় দল বিজেপিক চৰম অস্বস্তিৰ মুখত ঠেলি দিছে। এনে পৰিস্থিতিত দলটোক অস্বস্তিৰ মুখৰ পৰা ৰক্ষা কৰাৰ দায়িত্ব যিহেতু শাসকীয় দলৰেই, গতিকে নতুন এক বিতৰ্কৰ সৃষ্টিৰে এই বিষয়টোৰ পৰা জনসাধাৰণৰ মন অন্য ফালে ঢাল খুওৱাবলৈ দলটোৰ একাংশ নেতাই আক্ৰমণৰ লক্ষ্য কৰি লৈছে অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গক। অসমৰ এক জাতীয় অনুষ্ঠানস্বৰূপ জুবিন গাৰ্গক বাঙালী বিদ্বেষী বুলি প্ৰতিপন্ন কৰিবলৈ উঠিপৰি লাগিছে শাসকীয় দলৰ একাংশ বিধায়ক তথা সাংসদে।
উল্লেখ্য যে অসমীয়া জাতি আৰু ভাষাৰ অস্তিত্বৰ প্ৰতি এক প্ৰশ্নবোধক চিহ্নৰ অৱতাৰণা কৰা নাগৰিকত্ব (সংশোধনী) বিল– ২০১৬১ বিৰোধিতাৰে অসমৰ জাতীয়তাবাদী শিৱিৰৰ লগতে এক বুজন সংখ্যক শিল্পীয়েও স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আনকি যোৱা ৭ মে'ৰ দিনা যুটীয়া সংসদীয়া কমিটীৰ শুনানীৰ সময়তো প্ৰস্তুতি পৰাশৰকে ধৰি অসমৰ কেইবাগৰাকী বৰেণ্য শিল্পীয়ে এই বিলৰ বিৰোধিতা কৰি খানাপাৰাত উপস্থিত হৈছিল গৈ। শিল্পী সমাজৰ বিৰোধিতাক অসন্মান প্ৰদৰ্শন কৰি যোৰহাট বিজেপিৰ ফেচবুক পেজৰ পৰা তেওঁলোকৰ চৰিত্ৰহনন কৰি পোষ্ট দিয়াতে ক্ষান্ত নাথাকি এই বিলৰ বিৰোধিতা কৰাসকলক পৰোক্ষভাৱে দেশদ্ৰোহী আখ্যা দিয়া হ'ল। এনে বিতৰ্কিত পোষ্টৰ বিৰুদ্ধে সজোৰে প্ৰতিবাদ কৰাৰ পৰিৱৰ্তে ইয়াক আওকান কৰি বিলটোৰ বিৰোধিতাত অসমবাসী তথা শিল্পী সমাজ অটল হৈ থাকিল।
যুৱ প্ৰজন্মৰ ‘হাৰ্টথ্ৰব' জুবিন গাৰ্গে অসমৰ বিভিন্ন বিহু মঞ্চত এই বিলৰ বিৰোধিতা কৰি জনমত গঠন কৰাৰ প্ৰয়াস কৰিছে। অসমীয়া জাতীয় জীৱনৰ যিকোনো সংকটপূৰ্ণ মুহূৰ্তত জুবিন গাৰ্গে সৰ্বদা মাত মাতি আহিছে। এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই। জুবিনৰ এই প্ৰতিবাদে অসম চৰকাৰক অস্বস্তিত পেলোৱাৰ লগতে গেৰুৱা বাহিনীৰ বৰঘৰতো জোকাৰণিৰ সৃষ্টি কৰিছে। গতিকে বাংলা সম্প্ৰসাৰণবাদী তথা গেৰুৱা দলৰ স্তাৱক বাহিনীয়ে জুবিনক বাঙালী হিন্দুৰ শত্ৰু আখ্যাৰে লামডিং ভ্ৰমণৰ বিৰোধিতা কৰা দেখা গৈছে। আনকি জুবিনক নিষিদ্ধ কৰাৰো দাবী উত্থাপন কৰিছে উক্ত চক্ৰটোৱে। এতিয়া প্ৰশ্ন হ'ল অসমৰ বুকুতে জাতীয় জীনৱৰ সংকটৰ আশংকাত মাত মতা এগৰাকী অসমীয়া শিল্পীক নিষিদ্ধ কৰাৰ দাবী উত্থাপন কৰাৰ সৎসাহস ক'ত পালে তেওঁলোকে? চৰকাৰযন্ত্ৰৰ প্ৰত্যক্ষ অথবা পৰোক্ষ সমৰ্থন অবিহনে এনে মৰসাহ কোনোবায় কৰিব পাৰিব বুলি মনে নধৰে। জাতীয় অনুষ্ঠানস্বৰূপ জুবিনৰ প্ৰতিবাদে লাহে লাহে চৰকাৰৰ প্ৰতি মোহভংগ অসমবাসীক সম্পূৰ্ণৰূপে চৰকাৰ বিৰোধী স্থিতিত অৱতীৰ্ণ কৰোৱাৰ ইংগিত পাই খোদ চৰকাৰেই সততে বিতৰ্কিত মন্তব্য কৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা হোজাইৰ বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱৰ জৰিয়তে অসমবাসীৰ মন অন্য ফালে ঢাল খুওৱাবলৈ এক নতুন বিতৰ্কৰ সূচনা কৰিবলৈ ষড়যন্ত্ৰ ৰচনা নাইতো?
শিলাদিত্য দেৱে ভালদৰেই জানে যে সম্প্ৰতি তুলনামূলকভাৱে প্ৰায় অৰাজনৈতিক জুবিনৰ বিৰোধিতা কৰিলেহে এই প্ৰসংগৰ পৰা মানুহৰ মন আঁতৰাই অনা যাব। গতিকে জুবিনৰ বিৰোধিতাই নহয়, একপ্ৰকাৰ জুবিনক ভাবুকিয়েই প্ৰদান কৰিলে শিলাদিত্য দেৱে। আইন-শৃংখলা অৱনতিজনিত কোনো পৰিস্থিতিৰ সৃষ্টি হ'লে তাৰ বাবে জুবিনেই জগৰীয়া হ'ব লাগিব উচটনিমূলক বক্তব্যৰে নিজৰ ক্ষমতাও জাহিৰ কৰিলে বিধায়কজনে। শিলাদিত্য দেৱৰ উক্ত বক্তব্যৰ পিছতে একাংশ সংবাদ মাধ্যমৰ আগত অসম চৰকাৰৰ আন এগৰাকী প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিলাদিত্যদেৱৰ সম্পূৰ্ণ বিপৰীত মেৰুত অৱস্থান কৰি জুবিনক অসমৰে নহয় ভাৰত এক সম্পদ বুলিহে অভিহিত কৰিলে।
দৰাচলতে গেৰুৱা দলটোৱে পৰীক্ষামূলকভাৱে জুবিনক সকীয়নি প্ৰদানেৰে প্ৰসংগ অন্যফালে ঢাল খুওয়াবলৈ চেষ্টা কৰিছিল যদিও তাত সফল হ'ব নোৱাৰিলে। যোৰহাটৰ বিজেপিয়ে শিল্পীৰ চৰিত্ৰহনন কৰি পোষ্ট দিয়া আৰু লামডিঙৰ একাংশ দুষ্কৃতিকাৰীয়ে জুবিনক নিষিদ্ধ কৰাৰ দাবী উত্থাপন কৰা কাৰ্য কাৰ্যতঃ বিফল হ'লেও শিলাদিত্য দেৱৰ উক্ত মন্তব্যৰ বিৰোধিতা অসমৰ সৰ্বত্ৰ হৈছে। এনে পৰিস্থিতিত দল তথা চৰকাৰ আৰু অধিক অস্বস্তিকৰ পৰিস্থিতিত পৰাৰ সম্ভাৱনা দেখিয়েই যোৱা ১৯ মে'ৰ দিনা নলবাৰীত অনুষ্ঠিত বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত শিলাদিত্য দেৱক ককৰ্থনা কৰাত শিলাদিত্য দেৱে ওলোটা খৰ মাৰিবলৈ বাধ্য হৈ পৰিল। জুবিনৰ কান্ধত বন্দুক থৈ নাগৰিকত্ব (সংশোধনী) বিল– ২০১৬ বিৰোধী প্ৰতিবাদক মষিমূৰ কৰাৰ শাসকগোষ্ঠীৰ চেষ্টা কাৰ্যতঃ বিফল হ'লেও আগন্তুক দিনত এই আন্দোলনক নিঃশেষ কৰাৰ বাবে দল আৰু চৰকাৰে যিকোনো পদক্ষেপ লোৱাৰ সম্ভাৱনাক নুই কৰিব নোৱাৰি।

Pages