Tech Talk #4 | আপোনাৰ SIM-ও হ’ব পাৰে SWAP যিকোনো মুহূৰ্তত। ৰক্ষা পাবলৈ এইকেইটা কথা মনত ৰাখিব।


শেহতীয়াভাৱে অতি উদ্বেগজনকভাৱে বৃদ্ধি পাইছে অনৈতিকভাৱে SIM SWAPING-ৰ ঘটনা। কি এই ছিম ছ্যাপ, ইয়াৰ দ্বাৰা আপুনি কেনেকৈ ক্ষতিগ্ৰস্ত হ’ব পাৰে, ইয়াৰ পৰা কেনেকৈ হাস সাৰিব পাৰে ইত্যাদি প্ৰশ্নৰ উত্তৰ এই প্ৰবন্ধত আলোচনা কৰাৰ প্ৰয়াস কৰিছো। ছিম ছ্যাপ হৈছে আপোনাৰ নম্বৰ সলনি নকৰাকৈ ছিম সলনি কৰি লোৱা। আমি সাধাৰণতে আমাক মোবাইল নেটৱৰ্ক প্ৰভাইডাৰ কোম্পানীসমূহে প্ৰদান কৰা ছিমটো বেয়া হ’লে নাইবা হেৰাই গ’লে এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে আন এটা নতুন ছিম উলিয়াই লও আৰু নতুন ছিমটোয়েও পুৰণা ছিমটোৰ দৰেই কাম কৰিবলৈ আৰম্ভ কৰে। শেহতীয়াভাৱে ৩জিৰ পৰা ৪জিলৈ আপগ্ৰেড কৰিবলৈ আপোনাৰ মোবাইলটো নেটৱৰ্ক প্ৰভাইডাৰৰ আউটলেটসমূহলৈ লৈ গ’লে কোনো ডকুমেণ্ট অবিহনেই আপোনাৰ মোবাইলৰ পৰা এটা এচ এম এচ প্ৰেৰণ কৰি ৪জিলৈ আপগ্ৰেড কৰাৰ লগতে আপোনাক নতুন ছিম এটা প্ৰদান কৰে। এই আপগ্ৰেডেচনৰ সুবিধা গ্ৰহণ কৰি শেহতীয়াভাৱে এটা অসাধু চক্ৰই আপোনাৰ ছিম অনৈতিকভাৱে ছ্যাপ কৰি বেংকত থকা আপোনাৰ কষ্টোপাৰ্জিত ধন মুহূৰ্তৰ ভিতৰতে উলিয়াই নিব পাৰে। আপোনাৰ ছিম অনৈতিকভাৱে ছ্যাপ হোৱাৰ পৰা হাত কেনেকৈ সাৰিব সেই বিষয়ে কোৱাৰ আগতে আহক আপোনাক কও দুষ্টচক্ৰই আপোনাক ফচায় কেনেকৈ, কেনেকৈ ছিম ছ্যাপিং কৰে। ছিম ছ্যাপিং কৰাৰ আগতে আপোনাৰ বিষয়ে তথ্য সংগ্ৰহ কৰা হয়। এই তথ্য সংগ্ৰহ কৰা প্ৰক্ৰিয়াটো কোৱা হয় ছোছিয়েল ইঞ্জিনীয়িৰিং। এই প্ৰক্ৰিয়াত আপোনাৰ বিষয়ে যিমান পাৰি তথ্য আহৰণ কৰা হয়। এই তথ্যৰ ভিতৰত আপোনাৰ নাম, জন্মৰ তাৰিখ, ঠিকনা, ই-মেইল, পেন নম্বৰ, বেংকৰ একাউণ্ট নম্বৰ, ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ডৰ সবিশেষ, ফোন নম্বৰ ইত্যাদি। আহৰণ কৰাৰ পদ্ধতিও বেলেগ বেলেগ যদিও সাধাৰণ আৰু সহজলভ্য পদ্ধতি হৈছে ফেইচবুককে ধৰি চ’ছিয়েল মিডিয়াত ৰাজহুৱাকৈ উপলব্ধ আপোনাৰ ব্যক্তিগত তথ্য। তদুপৰি আপোনাৰ হোৱাট্‌ছএপ যোগে অহা বিভিন্ন ধৰণৰ অফাৰযুক্ত এচ এম এচত থকা সৰু সৰু ইউ আৰ এল (url)। এইবোৰ ইউ আৰ এলত উল্লেখ কৰা অফাৰ গ্ৰহণ কৰাৰ নামত আপুনি নিজেই চক্ৰটোক আপোনাৰ তথ্য প্ৰদান কৰে। এনেকুৱা কিছুমান প্ৰতিষ্ঠানো আছে যিয়ে বিভিন্ন ধৰণৰ ট্ৰ’জান প্ৰগ্ৰেম বা ফিছিং ইমেইল বা নিৰাপদ যেন লগা ৱেবছাইট বা আপোনাৰ বেংকৰ সৈতে দেখাত অবিকল ৱেবছাইটৰ জৰিয়তে আপোনাৰ ফোন নম্বৰ বা বেংক একাউণ্টৰ সবিশেষ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত আপোনাৰ বেংক খালি কৰিবলৈ বিভিন্ন প্ৰকাৰে আপোনাৰ মোবাইল নম্বৰ হস্তগত কৰিবলৈ আৰম্ভ কৰে। এইটো কৰিবলৈ আটাইতকৈ সহজ যিটো প্ৰক্ৰিয়া, তাত আপুনি নিজেই সহযোগ কৰে। এই প্ৰক্ৰিয়াত প্ৰথমে আপোনালৈ এটা কল আহিব। ক’ব যে আপোনাৰ অঞ্চলত নেটৱৰ্ক আপগ্ৰেডেচনৰ কাম চলি থকাৰ কাৰণে আপোনাৰ মোবাইলত নেটৱৰ্ক নাথাকিব। আপোনাৰ ২জি বা ৩জি ছিমটোও আপগ্ৰেড কৰিব লাগিব। এয়া কৰিবলৈ নেটৱৰ্ক প্ৰভাইডাৰৰ ৰিটেইল আউটলেটলৈ যাব লাগিব আৰু এসপ্তাহ টাইম লাগিব বুলি আপোনাক জানিবলৈ দিব। ইয়াৰ পিছত আপোনাৰ কষ্ট লাঘৱ কৰাৰ দোহাই দি আপোনাক অফাৰ দিয়া হ’ব যে আপুনি যদি ইচ্ছা কৰে তেন্তে তেওঁলোকেই আপোনাৰ ছিম সেই মুহূৰ্ততে আপগ্ৰেড কৰি দিব পাৰিব। সেই কল নেটৱৰ্ক প্ৰভাইডাৰৰ কল চেণ্টাৰৰ পৰা কৰা যেন অনুভৱ কৰি আপুনি যদি সঁহাৰি দিয়ে তেন্তে আপোনাক আপোনাৰ মোবাইলৰ পৰা প্ৰায় ১৯টা সংখ্যা টাইপ কৰি নিৰ্দিষ্টা এটা নম্বৰলৈ এটা এচ এম এচ পঠিয়াবলৈ কোৱা হ’ব। ৰিপ্লাই হিচাপে আপুনি লাভ কৰা এচ এম এচৰ এটা নিৰ্দিষ্ট সংখ্যাৰে ৰিপ্লাই কৰিবলৈও কোৱা হ’ব। এই প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছত আপোনাক আৰু জানিবলৈ দিয়া হ’ব যে ৬-৮ ঘণ্টাৰ ভিতৰত যদি আপোনাৰ মোবাইলত নেটৱৰ্ক নাহে তেন্তে ২৪-৪৮ ঘটা অপেক্ষা কৰিব লাগিব। আপোনাৰ মোবাইল বন্ধ কৰি থবলৈও পৰামৰ্শ দিব চক্ৰটোৱে। প্ৰায় ১৯টা অংকৰ উক্ত নিৰ্দিষ্ট সংখ্যাটো আচলতে নতুন এটা ছিম কাৰ্ডৰহে। আপুনি এনে কৰিলে আপোনাৰ ছিম বন্ধ হৈ যাব আৰু নতুন এটা ছিমলৈ আপোনাৰ নম্বৰটো ছ্যাপ হৈ যাব। এই প্ৰক্ৰিয়াটো তেতিয়াহে কাম কৰিব যদিহে আপুনি আপোনাৰ ছিম এতিয়ালৈ ৪জিলৈ আপগ্ৰেড কৰা নাই। দ্বিতীয় প্ৰক্ৰিয়াটো হৈছে আপোনাৰ বিভিন্ন ভুৱা ডকুমেণ্ট ব্যৱহাৰ কৰি নতুনকৈ ছিম এখন উলিয়াই লোৱা। প্ৰথমে সংগ্ৰহ কৰা তথ্যখিনিৰ আধাৰত আপোনাৰ নামত ভুৱা ডকুমেণ্ট প্ৰস্তুত কৰি দুষ্টচক্ৰটোৱে আপোনাৰ ছিম কাৰ্ডখনৰ সৈতে ফোনটো হেৰাল বুলি আপোনাৰ টেলিকম প্ৰতিষ্ঠানটোক অভিযোগ দাখিল কৰি নতুন এখন ছিম কাৰ্ডত আগৰ নম্বৰটোকে সক্ৰিয় কৰি দিবলৈ অনুৰোধ জনায়। এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ’বলৈ টেলিকম অপাৰেটৰ ভেদে বেলেগ বেলেগ সময় লাগে। বহু সময়ত এই চক্ৰটোক টেলিকম প্ৰতিষ্ঠানটোৰ কোনো কৰ্মচাৰীয়েও সহযোগ কৰে। ছিম ছ্যাপিঙৰ তৃতীয় যিটো প্ৰক্ৰিয়া, সেইটো হৈছে এম এন পি, মোবাইল নম্বৰ পৰ্টিবিলিটী। এই প্ৰক্ৰিয়াত প্ৰথমে কোনো প্ৰকাৰে আপোনাৰ মোবাইলৰ পৰা এছ এম এচ এটা পঠিয়াই পৰ্টিং কোড সংগ্ৰহ কৰা হয়। ইয়াৰ বাবে আপোনাৰ মোবাইলত কোনো প্ৰকাৰে বিভিন্ন ফৰজি থাৰ্ড-পাৰ্টী এপ সংস্থাপন কৰা হয়, যিয়ে আপোনাৰ মোবাইলৰ এক্সেজ লাভ কৰে আৰু আপোনাৰ অজানিতে আপোনাৰ মোবাইলৰ এচ এম এচ পঢ়িবও পাৰে বা পঠিয়াবও পাৰে। তদুপৰি বিভিন্ন টেলিকম অপাৰেটৰৰ কৰ্মচাৰীক ধন দি প’ৰ্টিং নম্বৰ সংগ্ৰহ কৰিবও পাৰে। উক্ত পৰ্টিং নম্বৰৰ সহায়ত আপোনাৰ নামত থকা মোবাইল নম্বৰটো অন্য অপাৰেটৰ সহায়ত নিজৰ নামত কৰি লয় আৰু অ’টিপি সংগ্ৰহ কৰি বেংকৰ পৰা ধন উলিয়াই নিয়ে। ইমান পৰে আপোনাৰ ছিম ছ্যাপ কেনেকৈ হ’ব পাৰে সেয়া আলোচনা কৰিলো। এতিয়া ইয়াৰ পৰা কেনেকৈ হাত সাৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰো। আপোনালৈ আন ন’ন নম্বৰৰ পৰা অহা কলত যদি আপোনাৰ তথ্য, অ’টিপি, বেংক ডিটেইলচ, এটিএম ডিটেইলচ আদি বিচৰা হয়ে তেন্তে কেতিয়াও নিদিব। অথবা যদি কোৱা হয় আপোনাৰ মোবাইলৰ পৰা অমুক মেছেজ ছেণ্ট কৰক, তমুক মেছেজ ছেণ্ট কৰক, কেতিয়াও নকৰিব। এনেকুৱা ইন্সট্ৰাকচন কেতিয়াও ফল’ নকৰিব’। বেংকৰ মানুহেতো দূৰৰে কথা ভগৱানেও অন্ততঃ অ’টিপি নুখুজে। দ্বিতীয়তে যদি কোনো আনন’ন নম্বৰৰ পৰা বহুত কল আহি আছে, নাইবা এচ এম এচ আহি আছে তেন্তে কেতিয়াও আপোনাৰ মোবাইল অফ নকৰিব, ছাইলেণ্ট কৰি থওক আৰু এক্টিভিটিবোৰ লক্ষ্য কৰি থাকক। আচলতে তেওঁলোকে আপোনাৰ ফোন বন্ধ হোৱাটো বিচাৰে যাতে তেওঁলোকে আপোনাৰ ছিম ছ্যাপ কৰি থকাৰ বিষয়ে টেলিকম অপাৰেটৰে আপোনালৈ পঠিওয়া এচ এম এচ লাভ কৰিব নোৱাৰে আৰু সহজে তেওঁলোকৰ কাম সমাধা হৈ যায়। গতিকে মোবাইল বন্ধ নকৰি সকলো ধৰণৰ গতিবিধি লক্ষ্য কৰি থাকিব লাগে। তৃতীয়তে আপোনাৰ বেংকৰ সৈতে আপোনাৰ ইমেইলো ৰেজিষ্টাৰ কৰি ৰাখক যাতে আপোনাৰ একাউণ্টৰ সকলো ধৰণৰ লেনদেনৰ বিষয়ে আপুনি জ্ঞাত হৈ থাকিব পাৰে। এয়াতো আছিল আপুনি হাত সাৰিব কেনেকৈ! ধৰি লোৱা হ’ল দুৰ্ভাগ্যবশতঃ আপোনাৰ মোবাইল হেক হৈ গৈছে বা ছিম ছ্যাপ গৈছে, তেন্তে সেয়া কেনেকৈ গম পাব, আপুনি তেতিয়া কি কৰিব? আপোনাৰ মোবাইলত নেটৱৰ্ক নাথাকিব, কাৰো ফোন নাহিব বা এচ এম এচ নাহিবও নাযাবও। যদি ৬-৭ ঘণ্টা ধৰি নেটৱৰ্ক নাথাকে তেতিয়া প্ৰথমে এয়া নিশ্চিত কৰক যে আপোনাৰ এৰিয়াত নেটৱৰ্ক আছে নে নাই। যদি আছে, কিন্তু আপোনাৰটোত নেটৱৰ্ক নাই তেন্তে সেয়াই চিন্তাৰ বিষয়। আপুনি যদি নিশ্চিত হৈ যায় যে আপোনাৰ ছিম ছ্যাপ হৈ গৈছে, লগে লগে আপোনাৰ বেংকৰ কল চেণ্টাৰত ফোন কৰি আপোনাৰ একাউণ্ট হোল্ডত ৰাখিব দিয়ক যাতে আপোনাৰ একাউণ্টৰ পৰা কোনেও পইচা উলিয়াব নোৱাৰে। তাৰ পিছত আপোনাৰ নেটৱৰ্ক প্ৰভাইডাৰৰ ৰিটেইল আউটলেটলৈ গৈ তেওঁলোকক বিৱৰি কওঁক আৰু নতুন ছিম এখন উলিয়াই লওঁক। আপোনাৰ তথ্য সকলো সময়তে গোপন কৰি ৰখা উচিত। কোনো অচিনাকী মানুহক আপোনাৰ তথ্য প্ৰদান নকৰিব। এই বিষয়ে অলপ সচেতনো হওক। বিভিন্ন সময়ত আপোনালৈ অহা বিভিন্ন প্ৰকাৰৰ অফাৰযুক্ত এচ এম এচক গুৰুত্ব নিদিব বা সেইবোৰত থকা লিংকত কেতিয়াও ক্লিক নকৰিব। এনে কৰিলে আপুনি নিজেই নিজৰ বিপদ চপাই লোৱাৰ দৰে হ’ব।

 

Pages